আই আই ইত অনুষ্ঠিত হ’ব স্প’ৰ্ট ক্লাইম্বিং প্ৰতিযোগিতা

বিগত বছৰৰ দৰে এইবাৰো আই আই ইৰ চৌহদত অনুষ্ঠিত হ’ব দ্বিতীয় সংখ্যক বিমল চন্দ্ৰ গোস্বামী স্মাৰক স্প’ৰ্ট ক্লাইম্বিং প্ৰতিযোগিতা ।অহা ২৫ আৰু ২৬ মে’ত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত পুৰুষ মহিলাৰ ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ এই তিনিটা স্তৰত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা এক সংবাদমেলত উদ্যোক্তা সকলে কয় যে ক্লাইম্বিং প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসমৰ প্ৰায় ৭০জনে আৰু বাহিৰৰ ৮০জনে নাম পঞ্জীয়নৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ।উল্লেখযোগ্য যে এই প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে সুযোগ লাভ কৰিব আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত সফলতা লাভ কৰা প্ৰতিযোগী সকলে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হ’ব।অসম স্প’ৰ্ট ক্লাইম্বিং এছ’চিয়েচন আৰু অসম পৰ্বতাৰোহন সংস্থাৰ সহযোগত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত সৰ্বমুঠ ৩৬টা বঁটা আগবঢ়োৱা হ’ব ।স্মতৰ্ব্য যে ২০২০ চনত অলিম্পিক ক্ৰীড়াত স্প’ৰ্ট ক্লাইম্বিং ক্ৰীড়া হিচাপে অন্তভূৰ্ক্ত কৰা হৈছে ।

Comments (0)
Add Comment