আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিবেশক গোলাপ শইকীয়াক প্ৰথম মৃত্যু বাৰ্ষিকীত স্মৰণ

গুৱাহাটীৰ বাতৰি পৰিবেশক গোলাপ শইকীয়াৰ সোঁৱৰণত আঞ্চলিক বাতৰি বিভাগে আজি কেন্দ্ৰটোৰ চৌহদত এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰে।এই অনুষ্ঠানত গোলাপ শইকীয়া সোঁৱৰণী দ্বিতীয় বৰ্ষৰ বাতৰি পৰিবেশন প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়।আকাশবাণী মুখ্য সঞ্চালক প্ৰধান এন বেণুধৰ ৰেড্ডীয়ে এই উপলক্ষে দিয়া এটা শ্ৰৱ্য বাৰ্তাত গোলাপ শইকীয়াএ স্মৃতিত শ্ৰদ্ধা জনাই কয় যে ক’ভিড মহামাৰীৰ ফলৰ এইগৰাকী গুণী ব্যক্তিয়ে প্ৰাণ হেৰুৱালে।তেওঁ এনেধৰণৰ কাৰ্যসূচী আয়োজন কৰাৰ বাবে বাতৰি বিভাগৰ শলাগ লয়।আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰীক শাখাৰ সঞ্চালক ৰবীন চন্দ্ৰ বড়োৱে এই অনুষ্ঠানত গোলাপ শইকীয়াৰ ব্যক্তিগত সান্নিধ্য সোঁৱৰণ কৰাৰ লগতে তেওঁৰ বহুমাত্ৰিক প্ৰতিভাৰ বিষয়েও উল্লেখ কৰে।এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান শাখাৰ মুৰব্বী ৰাজীৱ বৰুৱাই অংশ লৈ দিয়া ভাষণত প্ৰয়াত শইকীয়াৰ গুণৰাজি বিষয়ে আলোকপাত কৰাৰ লগতে এনেধৰণৰ অনুষ্ঠানে গোলাপ শইকীয়াক চিৰস্মৰণীয় কৰি ৰাখিব বুলিও মত প্ৰকাশ কৰে। অৰুণীমা গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত আঞ্চলিক বাতৰি বিভাগৰ বাৰ্তা সম্পাদক মানস প্ৰতিম শৰ্মা,কেন্দ্ৰটোৰ প্ৰসাৰণ কাৰ্যবাহী ইন্দ্ৰজিৎ দাস, জ্যেষ্ঠ বাতৰি পৰিবেশক উৎপল কুমাৰ দাস, নিৰুপমা বৰঠাকুৰ, প্ৰাক্তন বাতৰি পৰিবেশক ৰমেন দাস,পংকজ বৰঠাকুৰ, গোলাঘাট তথ্য আৰু জনসংযোগ বিষয়া তথা প্ৰাক্তন বাতৰি পৰিবেশক পম্পী দেৱী,ঘোষক ভাস্কৰ জ্যোতি আচাৰ্যকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে এই অনুষ্ঠানত স্মৃতি ৰোমন্থন কৰে।
গোলাপ শইকীয়া সহধৰ্মিনী বন্তি হাজৰিকা আৰু কন্যা জৈষ্ণৱী শইকীয়াই অংশগ্ৰহণ কৰা আজিৰ অনুষ্ঠানতে গোলাপ শইকীয়া সোঁৱৰণী দ্বিতীয় বৰ্ষৰ বাতৰি পৰিবেশন প্ৰতিযোগিতা বিজয়ী প্ৰতিযোগিতা সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।ক শাখাত কঠীয়াতলী কামপুৰৰ নিশিগন্ধা বড়োৱে প্ৰথম,ডিব্ৰুগড় অন্তৰীক্ষা চেতিয়াই দ্বিতীয় আৰু মুকালমুৱাৰ ময়ূৰ প্ৰতীম বৰ্মনে তৃতীয় স্থান লাভ কৰিছে।এই শাখাত নলবাৰীৰ কুঁৱলি কাশ্যপ আৰু শিৱসাগৰৰ মাৰ্টিনা গগৈয়ে উদগনিমূলক বঁটা লাভ কৰিছে।খ শাখাত উত্তৰ গুৱাহাটীৰ অৰুনাভ হাজৰিকাই প্ৰথম,মঙলদৈ উপাসনা শিবমে দ্বিতীয় আৰু উত্তৰ লখিমপুৰ হোমেন বৰুৱাই তৃতীয় স্থান লাভ কৰিছে।খ শাখাত ৰহাৰ সঞ্চিতা শইকীয়া আৰু নগাঁও ভোটাইগাঁৱৰ প্ৰেৰণা প্ৰিয়স্বদাই উদগনি মূলক বঁটা লাভ কৰিছে।একেদৰে গ শাখাত টীয়কৰ ইন্দ্ৰানী ফুকনে প্ৰথম,নগাঁও জুৰিয়াৰ প্ৰাঞ্জল শইকীয়াই দ্বিতীয় আৰু হোজাইৰ ভাস্বতী দেৱীয়ে তৃতীয় স্থান লাভ কৰিছে।এই শাখাত নলবাৰী বেলশৰৰ জুমি দেৱী আৰু কাহিলীপাৰাৰ জীমনি পাঠকে উদগনিমূলক বঁটা লাভ কৰিছে।উল্লেখযোগ্য যে তিনিওটা শাখাত প্ৰতিযোগিতাৰ বাবে বাতৰি প্ৰেৰণ কৰা ৬ শতাধিক প্ৰতিযোগীৰ ভিতৰত এই প্ৰতিযোগী সকলক বাচনি কৰা হৈছে।এই অনুষ্ঠানত বহিমান বায়নে বৰগীত,জয়িতা ভৰদ্বাজে আধুনিক গীত,পোহৰ দাস,নিশিগন্ধা বড়ো আৰু ব্ৰজেন্দ্ৰ ডেকাই আবৃত্তি কৰে।

Comments (0)
Add Comment