আগষ্ট মাহত টেট উত্তীৰ্ণক নিযুক্তি দিব-শিক্ষামন্ত্ৰী

ৰাজ্যৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে নতুন নিযুক্তি কেতিয়া লাভ কৰিব? ৰাজ্যজুৰি সকলোৰে মাজত এই সম্পৰ্কত কথা বতৰা চলি আছে।
 
 
টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলক উদ্দেশ্যি শুক্ৰবাৰে গোলাঘাটত হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে।সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত অহা আগষ্ট মাহত ১১হাজাৰ টেট শিক্ষকক নিযুক্তি দিয়া হ’ব। উল্লেখযোগ্য যে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষত টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে নিযুক্তি নাপাব বুলি চৰ্চা চলিছিল যদিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাই ৰাজ্যৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলক সকাহ দিছে।

Comments (0)
Add Comment