আজাৰাৰ নিৰ্মলা শৰ্মালৈ সুন্দৰ সাধনা বঁটা

অসমৰ আগশাৰীৰ সাহিত্য,সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ ২০২১ বৰ্ষৰ বিভিন্ন ক্ষেত্ৰৰ বঁটা প্ৰদান অনুষ্ঠান অলপতে গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানতে আজাৰাৰ নিৰ্মলা শৰ্মাক “সুন্দৰ সাধনা বঁটা -২০২১” প্ৰদান কৰা হয়।অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ডালিমী কোঁৱৰ, অজিত দত্ত,ৰণাল্ডো টাইড,ৰত্নেশ্বৰ বসুমতাৰী,ৰিজু হাজৰিকা প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।তেখেত ভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন চাৰ্জেণ্ট সুভাষ শৰ্মাৰ পত্নী নিৰ্মলা শৰ্মা ভাৰতীয় বায়ু সেনা বাহিনীৰ প্ৰী নাৰ্চাৰী স্কুল বৰঝাৰৰ এগৰাকী শিক্ষয়িত্ৰী।

Comments (0)
Add Comment