সীমান্ত নিৰাপত্তা বাহিনী ( বি এছ এফ ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাওঁস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত ২৫ আগষ্টৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ ২৭ আগষ্টৰ দিনা সন্ধিয়া সামৰণি পৰে। বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি সমাৰোহত জুদো, ৱেটলিফটিং, আৰ্মৰেষ্টলিং আৰু বক্সিং আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাত বি এছ এফৰ কলকাতাস্থিত পূব মণ্ডল আৰু চণ্ডীগড়স্থিত পশ্চিম মণ্ডলৰ মুঠ ১৩৬ গৰাকী মহিলা খেলুৱৈয়ে ভাগ লৈছিল । য’ত কেবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈ আছিল । আনহাতে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক সুখদেৱ ৰাজৰ তত্বাবধানত অনুষ্ঠিত ক্ৰীড়া সমাৰোহখনত পূব মণ্ডলৰ দলটোৱে ২৮ টা সোণ , ২৪ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক লাভ কৰে। তেনেদৰে পশ্চিম মণ্ডলৰ দলটোৱে ৯ টা সোণ, ১২ টা ৰূপ আৰু ৩২ টা ব্ৰঞ্জৰ পদক লাভ কৰে। আনহাতে প্ৰতিযোগিতাৰ সামৰণিত বিজয়ী আৰু বিজিত দলক বঁটা সমুহ বিতৰণ কৰে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক সুখদেৱ ৰাজে। চমু ভাষণত মহা পৰিদৰ্শক ৰাজে ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীক শুভেচ্ছা জ্ঞাপন কৰে আৰু আগন্তুক দিনত যাতে অলিম্পিকসহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰে। উল্লেখ্য যে ২৫ আগষ্টত সমাৰোহৰ শুভাৰম্ভ কৰিছিল বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ উপ মহা পৰিদৰ্শক তথা প্ৰিঞ্চিপাল ষ্টাফ অফিচাৰ ৰাজেশ কুমাৰে ।