সীমান্ত নিৰাপত্তা বাহিনী ( বি এছ এফ ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাওঁস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত ২৫ আগষ্টৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ ২৭ আগষ্টৰ দিনা সন্ধিয়া সামৰণি পৰে। বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি সমাৰোহত জুদো, ৱেটলিফটিং, আৰ্মৰেষ্টলিং আৰু বক্সিং আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাত বি এছ এফৰ কলকাতাস্থিত পূব মণ্ডল আৰু চণ্ডীগড়স্থিত পশ্চিম মণ্ডলৰ মুঠ ১৩৬ গৰাকী মহিলা খেলুৱৈয়ে ভাগ লৈছিল । য’ত কেবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈ আছিল । আনহাতে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক সুখদেৱ ৰাজৰ তত্বাবধানত অনুষ্ঠিত ক্ৰীড়া সমাৰোহখনত পূব মণ্ডলৰ দলটোৱে ২৮ টা সোণ , ২৪ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক লাভ কৰে। তেনেদৰে পশ্চিম মণ্ডলৰ দলটোৱে ৯ টা সোণ, ১২ টা ৰূপ আৰু ৩২ টা ব্ৰঞ্জৰ পদক লাভ কৰে। আনহাতে প্ৰতিযোগিতাৰ সামৰণিত বিজয়ী আৰু বিজিত দলক বঁটা সমুহ বিতৰণ কৰে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক সুখদেৱ ৰাজে। চমু ভাষণত মহা পৰিদৰ্শক ৰাজে ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীক শুভেচ্ছা জ্ঞাপন কৰে আৰু আগন্তুক দিনত যাতে অলিম্পিকসহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰে। উল্লেখ্য যে ২৫ আগষ্টত সমাৰোহৰ শুভাৰম্ভ কৰিছিল বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ উপ মহা পৰিদৰ্শক তথা প্ৰিঞ্চিপাল ষ্টাফ অফিচাৰ ৰাজেশ কুমাৰে ।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য