আজিৰে পৰা আৰম্ভ হ`ল গনেশ মংগল যাত্ৰা

সোমবাৰৰ পৰা নেচাৰ্ছ বেকনৰ উদ্যোগত গণেশ মংগল যাত্ৰাৰ আৰম্ভ।হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানীৰ বাবে বিল আৰু আৰ্দ্ৰভূমি সমূহ সুৰক্ষিত কৰাৰ লগতে হাতী আৰু মানুহৰ মাজত সংকট ৰোধ কৰা আদি বিভিন্ন লক্ষ্য আগত ৰাখি নেচাৰ্ছ বেকনে এই গণেশ মংগল যাত্ৰা কাৰ্যসূচী হাতত লৈছে।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত শুভাৰম্ভ কৰা এই অনুষ্ঠানত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,বি টি চি প্ৰধান প্ৰমোদ বড়োৰ লগতে হাতী সংৰক্ষণ লগত জড়িত কেইবাজনো ব্যক্তি।উল্লেখযোগ্য যে আগন্তুক দহ বছৰ ধৰি নেচাৰ্ছ বেকনে অসমত হাতীৰ সংৰক্ষণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।

Comments (0)
Add Comment