আজি আড়ম্বৰপূৰ্ণভাৱে উদযাপিত হৈছে মহাশিৱৰাত্ৰি

আজি মহা শিৱৰাত্ৰি।মহা শিৱৰাত্ৰিৰ উপলক্ষ্যে শিৱসাগৰৰ শিৱদৌলত ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে।কিয়নো শিৱদৌলত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱপূজা উদযাপিত হৈছে।
পৌৰাণিক আখ্যান অনুসৰি ফাগুন মাহৰ কৃষ্ণ চতুৰ্থীত ভগৱান শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল।সেই কাৰণে এই মহাৰাত্রিক বহুত পবিত্ৰ জ্ঞান কৰা হয়।শিৱৰাত্রিৰ উপলক্ষে পুৱাৰে পৰা শিৱ মন্দিৰ সমূহত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। ভক্তই শিৱলিংগত বেলপাত আৰু গাখীৰ ঢালি পূজা অৰ্চনা কৰে।
এইবাৰ শিৱৰাত্রি ৰাতি ১২ বজাৰ পৰা সন্ধ্যা ৬.২৭ মিনিটলৈ থাকিব।কোনো কোনোৱে উপবাস কৰি পূজা সেৱা আগবঢ়ায়। শিৱসাগৰৰ শিৱ দৌলৰ প্ৰাংগনত শ্ৰী শ্ৰী মহা শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি এক বৃহৎ মেলাৰ আয়োজন কৰা হৈছে।এই মেলাত অসম তথা ৰাজ্যৰ বাহিৰৰ সাতশৰো অধিক বিপনীয়ে অংশ গ্ৰহণ কৰিছে।আনহাতে গুৱাহাটীৰ উমানন্দ, শুক্ৰেশ্বৰ মন্দিৰৰ লগতে শিৱসাগৰৰ শিৱদৌলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰসমূহত আড়ম্বৰপূৰ্ণভাৱে শিৱ পূজা অনুষ্ঠিত হৈছে।

Comments (0)
Add Comment