আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে


আজি অনুষ্ঠিত হ’ল তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ। নিৰ্বাচনৰ ধামখমীয়া পৰিবেশৰ মাজত আজি চৰ্চা লাভ কৰিছে এই ভোট গ্রহণ কেন্দ্রই।কিয়নো ভোটগ্রহণ কেন্দ্রটোত পৰিলক্ষিত হ’ল ব্যতিক্রমী পৰিবেশৰ।

প্ৰাকৃতিক পৰিবেশ সংৰক্ষণ আৰু সজাগতা সম্পৰ্কে বাৰ্তা বিলালে নলবাৰীৰ এটা ভোট কেন্দ্ৰই। নলবাৰীৰ জিলাৰ সৰ্বেশ্বৰ দাস জেষ্ঠ্য মাধ্যমিক বিদ্যালয়ত আদৰ্শ ভোটগ্রহণ কেন্দ্রটো আজিৰ দিনটোৰ আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে।নলবাৰী জিলা প্ৰশাসনৰ প্ৰচেষ্টাত ভোটগ্রহণ কেন্দ্রত অসম বিখ্যাত এশিঙীয়া গড় ,অন্যান্য প্ৰাকৃতিক পৰিবেশৰ সংৰক্ষণৰ চিত্ৰকল্প প্ৰাণ পাই উঠা দেখা গ’ল।ই নিসন্দেহে জিলা প্ৰশাসনৰ অন্যান্য পদক্ষেপ।

Comments (0)
Add Comment