আজি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জন্মদিন

আজি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ওপজা দিন।১৯৩৪ চনৰ ১১অক্টোবৰত তেখেতে জন্মগ্ৰহণ কৰিছিল । উল্লেখযোগ্য যে আজি ৮৬ বছৰত ভৰি দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।
 
বৰ্তমান ক’ৰণাত আক্ৰান্ত হৈ জি এম চি এইচত চিকিৎসাধীন হৈ আছে। আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী জন্মদিন উপলক্ষে তেখেতৰ গুণগ্ৰাহী সকলে বিহালীত সুস্বাস্থ্য কামনা কৰি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ স্থাপন কৰা বিহালী গাংমৌথানত এখন শৰাই আগবঢ়াই চাকি বন্তি প্ৰজ্বলন কৰিছে।প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ এই বিশেষ দিনটোত এন ই ফ’কাচ ডট কমৰ পৰিয়ালেও জনাইছে শুভকামনা।
খবৰ যুগুতালে বিহালী পৰা পলাশ প্ৰিয়মে..

Comments (0)
Add Comment