আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ উদ্যোগত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে ২৩ জুনত অসম অলিম্পিক সন্থাৰ উদ্যোগত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। তৰ্ক প্ৰতিযোগিতাত প্ৰতিখন বিশ্ববিদ্যালয়ৰ দুজন প্ৰতিযোগী আৰু কুইজ প্ৰতিযোগিতাত প্ৰতিখন মহাবিদ্যালয়ৰ দুজনকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে জনোৱা অনুসৰি উক্তদিনা পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’বলগীয়া তৰ্ক প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলকেইটাই ক্ৰমে ৫০,০০০, ৩০,০০০ আৰু ২০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰিব। তদুপৰি শ্ৰেষ্ঠ তাৰ্কিকজনে ২৫,০০০ টকাৰ প্ৰাইজমানী লাভ কৰিব। আনহাতে, ক্ৰীড়া কুইজ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলকেইটাই ক্ৰমে ৫০,০০০, ৩০,০০০ আৰু ২০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰিব। ইফালে, কুইজ মাষ্টাৰ নিৰ্বাচন কৰাৰ বাবে অসম অলিম্পিক সন্থাই কুইজ মাষ্টাৰসকলৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব। কুইজ মাষ্টাৰসকলে ক্ৰীড়া কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ সন্দৰ্ভত সবিশেষ অৱগত কৰিব লাগিব। দুয়োখন প্ৰতিযোগিতা সুচাৰূৰূপে আয়োজন কৰাৰ বাবে অসম অলিম্পিক সন্থাই ৰাজীৱ প্ৰকাশ বৰুৱাক অধ্যক্ষ, সুবোধমল্ল বৰুৱা আৰু প্ৰণয় বৰদলৈক উপাধ্যক্ষ, ধ্ৰুৱজ্যোতি কলিতাক আহ্বায়ক তথা বিষ্ণুৰাম নুনিছা, দাদোমণি বৰা, প্ৰাৰ্থনা হাজৰিকা আৰু দৰ্শনা বাৰ্মাক সদস্য হিচাপে লৈ এখন সমন্নয় কমিটি গঠন কৰি দিছে। তৰ্ক আৰু কুইজ প্ৰতিযোগিতাত যোগদান কৰিবৰ বাবে দৰ্শনা বাৰ্মাৰ সৈতে ৯৯৫৭০৮৩০৩৫ আৰু সুমন দত্তৰ সৈতে ৯৮৫৪৬৩১৪৬৫ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।

Comments (0)
Add Comment