আন্তঃৰাষ্ট্ৰীয় এথলেটিকছত জিলিকিল কাৰ্বি আংলঙৰ প্ৰকাশ ছেত্ৰী

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ ২৪নং দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খাকৰাজান নিৱাসী ওম বাহাদুৰ ছেত্ৰী আৰু মীৰা ছেত্ৰীৰ সুযোগ্য সন্তান প্ৰকাশ ছেত্ৰীৰ সাফল্যই অসম তথা পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিছে।
প্ৰকাশ ছেত্ৰীয়ে ২০২০ বৰ্ষত তেজপুৰ, বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত মাৰাথন দৌৰত অংশগ্ৰহণ কৰি সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হোৱাৰ লগতে এই বৰ্ষতে হাৰিয়ানাত অনুষ্টিত নেচনেল winter cupত অংশগ্ৰহণ কৰি স্বৰ্ণপদক লাভ কৰাৰ লগতে চলিত বৰ্ষত নেপালৰ পুখৰাত অনুষ্ঠিত ইণ্ডো-নেপাল ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হয়।

Comments (0)
Add Comment