আন্তঃৰাষ্ট্ৰীয় বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল অভিজিত শেনচোৱাই

কলেজ বন্ধৰ সময়ত অনলাইনযোগে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মাত্ৰ ২৪ দিনত ২৯৬খন প্ৰমানপত্ৰ সংগ্ৰহ কৰি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ষষ্ঠ চেমিষ্টাৰৰ ছাত্ৰ অভিজিত শেনচোৱাই আন্তঃৰাষ্ট্ৰীয় বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।
 
 
 
শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত দেওবিল নপমীয়া গাঁওৰ নিবাসী তথা বান্দৰীজান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক  অতুল শেনচোৱা আৰু মুনু শেনচোৱাৰ একমাত্ৰ সন্তান অভিজিতে পূৰ্বতে ৪৪ দিনত ২৫৬ খন প্ৰমাণপত্ৰ সংগ্ৰহ কৰি আন্তঃৰাষ্ট্ৰীয় বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত পূৰ্বৰ অভিলেখ ভংগ কৰে । পৰিৱৰ্তী সময়ত “Maximum Certificate Achieved In A Short Period Of time” শিৰোনামেৰে ২৫ দিনত ৩২০খন ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰমানপত্ৰ অৰ্জনেৰে ইনক্ৰেদিবল বুক অফ ৰেকৰ্ড, ইণ্ডিয়ান ট্ৰেডিচনেল বুক অফ ৰেকৰ্ড, অনলাইন ৱৰ্ল্ড ৰেকৰ্ড, ৱৰ্ল্ড জিনিয়াছ বুক অফ ৰেকৰ্ড, ইউনিভাৰ্চেল ৰেকৰ্ড ফৰাম, ৱৰ্ল্ড বুক অফ ৰেকৰ্ড, আচ্ছাম বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত কৰি ৰাজ্যখনৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অভিজিতে ।

Comments (3)
Add Comment
  • Bikash Gogoi

    সুন্দৰ । আগুৱাই যোৱা অভিজিত

  • Himanta Saliha

    God bless you.
    You make us proud
    You make Assam proud
    Proud of you Abhijit

  • M Gogoi

    Many many congratulations. Try for more achievements.