আমিনগাঁৱত প্ৰধানমন্ত্ৰী নিশ্চিত নিয়োগ আঁচনিৰ সজাগতা অনুষ্ঠান

দেশক অৰ্থনৈতিক ভাৱে স্বয়ং সম্পূৰ্ণ কৰাৰ উপৰিও নিৱনুৱা যুৱক যুৱতীক স্বাৱলম্বী আৰু আত্মনিৰ্ভৰ কৰাৰ উদ্দেশ্যে কামৰূপ জিলাৰ আমিনগাওঁৰ উদ্যোগিক পামৰ প্ৰশিক্ষণ কেন্দ্ৰত কালি প্ৰধানমন্ত্ৰী নিশ্চিত নিয়োগ আঁচনিৰ ওপৰত এক সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয়।ভাৰত চৰকাৰৰ মজলীয়া আৰু ক্ষুদ্র উদ্যোগ মন্ত্রণালয় আৰু খাদি আৰু গ্ৰামোদ্যোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত ভাৰত চৰকাৰৰ ধ্বজাবাহী আঁচনিৰ এই সজাগতা অনুষ্ঠান উদ্বোধন কৰে প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰকল্প প্ৰৱন্ধক কাজল কুমাৰ সাহাই। প্ৰায় দুশ উদ্যমী যুৱক যুৱতী আৰু যুৱ উদ্যোগী অংশগ্ৰহণ কৰা সজাগতা অনুষ্ঠানত খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ সঞ্চালক সুকোমল দেব, উদ্যোগ বিভাগৰ সম্প্ৰসাৰণ বিষয়া বিশ্বজিত চৌধুৰী, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ মন্ত্ৰনালয়ৰ সহকাৰী সঞ্চালক এছ এছ পাল, অসম খাদী বৰ্ডৰ বিষয়া সুব্ৰত গগৈ, মুখ্য প্ৰৱন্ধক পলাশ ভৌমিক সহ কেবাগৰাকী বিষয়া উপস্থিত থাকে। অনুষ্ঠানত খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ ৰাজ্যিক সঞ্চালক সুকোমল দেবে যুৱ উদ্যোগী তথা যুবক যুৱতী সকলক খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ বিভিন্ন আচঁনিৰ উপৰিও ঋণ লোৱাৰ উপায় সমূহ বিতংকৈ ব্যখ্যা কৰে। তেওঁ চাকৰীৰ মোহ এৰি উদ্যোগৰ জৰিয়তে নিজৰ লগতে সমাজ তথা দেশৰ অৰ্থনীতি সৱল কৰিবলৈ ইচ্ছুক যুৱক যুৱতীক ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ ৱেবছাইটৰ জৰিয়তে আবেদন কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয় যে বিভাগে গ্ৰামাঞ্চলত উদ্যোগ স্থাপনৰ বাবে ৩৫ শতাংশ আৰু চহৰাঞ্চলত ২৫ শতাংশ ৰাজ সাহায্য প্ৰদান কৰিব। অনুষ্ঠানত প্ৰধান মন্ত্ৰী নিশ্চিত নিয়োগ আঁচনিৰ হিতাধিকাৰী সফল উদ্যোগী কংকন দাসে তেওঁৰ সফলতাৰ আঁৰৰ কাহিনী উপস্থিত যুৱক যুৱতীৰ লগত বিনিময় কৰে।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment