আৰ এণ্ড ডি আৰু প্ৰযুক্তি বিকাশৰ বাবে এন আৰ এল আৰু ই আই এলৰ মাজত চুক্তি

  • ভাৰতৰ অগ্ৰণীয় ইঞ্জিনীয়াৰিং আৰু প্ৰযুক্তি কনছালটেসী প্ৰতিষ্ঠান ইঞ্জিনীয়াছ ইণ্ডিয়া লিমিটেড (ই আই এল) মাজত নতুন দিল্লী স্থিত ই আই এলৰ মুখ্য কাৰ্যালয়ত যোৱা ৩১ মাৰ্চত এন আৰ এলৰ গৱেষণা ক্ৰিয়াকলাপৰ সম্প্ৰসাৰণৰ বাবে এক চুক্তি সম্পন্ন হয়।উল্লেখ্য,নুমলীগড় ৰিফাইনেৰীত ৪.৩৭ শতাংশ অংশীদায়িত্ব থকা ইঞ্জিনীয়াছ ইণ্ডিয়া লিমিটেড আৰু এন আৰ এলৰ মাজত হোৱা এই চুক্তি অনুসৰি এই দুয়োটা প্ৰতিষ্ঠিত ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ প্ৰতিষ্ঠানে আত্মনির্ভৰ ভাৰত দৃষ্টিভংগীৰে দেশীয় প্ৰযুক্তিৰ বিকাশ আৰু লাইচেন্সৰ বাবে যুটীয়া ভাৱে কাম কৰিব।এই চুক্তিত দুয়োটা প্ৰতিষ্ঠানৰে জ্যেষ্ঠ বিষয়া সকলৰ উপস্থিতিত এন আৰ এলৰ চিনিয়ৰ চি জি এম (চি এ) শ্ৰী এন বৰঠাকুৰ আৰু ই আই এলৰ কাৰ্যবাহী সঞ্চালক(আৰ এণ্ড ডি) শ্ৰী ৰাজীৱ আগৰৱালে হস্তাক্ষৰ কৰে।
Comments (0)
Add Comment