ইথিকেল ৱাইল্ড লাইফ জাৰ্ণালিজিমৰ কৰ্মশালা অনুষ্ঠিত

আজি কাজিৰঙাৰ কঁহৰাত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত Ethical wildlife journalism ৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। কাজিৰঙাৰ পৰিবেশ, পাৰিপাৰ্শ্বিক, বন্যপ্ৰাণী , বাতৰি সংগ্ৰহৰ সময়ত সাংবাদিকৰ দায়িত্ব, কৰ্তব্য, পৰিসৰ আদি বিভিন্ন বিষয় সামৰি আলোচনা চক্ৰ অনুষ্ঠিত হয়।
 
 
সাংবাদিক মৃণাল তালুকদাৰ আৰু প্ৰণয় বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটোত WTF ৰ যুটীয়া সঞ্চালক ৰথীন বৰ্মণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ,WWF অসমৰ অনুপম শৰ্মা, অৰণ্যকৰ ডঃবিভৱ তালুকদাৰ , State information commission সমুদ্ৰ গুপ্ত কাশ্যপ,গোলাঘাটৰ পৰিবেশ কৰ্মী তথা সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী আদিয়ে সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে বক্তৃতা প্ৰদান কৰে। এদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাখনত কাজিৰঙা, বোকাখাত, নুমলীগড়, কলিয়াবৰ আদিৰ বহুতো সাংবাদিকে অংশগ্ৰহণ কৰে।
 

Comments (0)
Add Comment