অসমৰ স্বাস্থ্য খণ্ডক অধিক আধুনিক,প্ৰযুক্তিনিৰ্ভৰ আৰু বিশ্বমানৰ ৰূপত গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত গুৱাহাটীৰ ভিভান্তা হোটেলত অসম চি এছ আৰ ৰাউণ্ড টেবুল ২.০” শীৰ্ষক এক গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ আনুষ্ঠানিক উদ্বোধন কৰে অসমৰ স্বাস্থ্য, পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে।
উদ্বোধনী ভাষণত মন্ত্ৰী সিংহলে উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ উদ্বেগজনক হাৰৰ কথা উল্লেখ কৰি কয় যে টাটা গোটৰ সহায়ত গঠন কৰা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ জৰিয়তে ৰাজ্যজুৰি এক বিস্তৃত কৰ্কট চিকিৎসা নেটৱৰ্ক গঢ়ি তোলা হৈছে। এই পদক্ষেপে ৰোগীসকলক ৰাজ্যৰ ভিতৰতে বিশ্বমানৰ চিকিৎসা সেৱা লাভ কৰাৰ সুযোগ প্ৰদান কৰিছে।
তেওঁ বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবসমূহৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে সুস্থ সমাজ গঢ়াৰ বাবে স্বাস্থ্য সচেতনতা বিদ্যালয় পৰ্যায়ৰ পৰাই বিকশিত হ’ব লাগিব। লগতে তেওঁ অসমক দেশৰ অন্যতম আধুনিক আৰু অগ্ৰগামী স্বাস্থ্যসেৱা ব্যৱস্থাৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ় অংগীকাৰৰ কথাও পুনৰ উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে স্বাস্থ্য খণ্ডত চৰকাৰে ব্যাপক বিনিয়োগ অব্যাহত ৰাখিলেও কিছুমান ক্ষেত্ৰত দ্ৰুত উন্নয়নৰ বাবে কৰ্পোৰেট সামাজিক দায়বদ্ধতাৰ অংশীদাৰিত্ব অত্যন্ত প্ৰয়োজনীয়। সেই উদ্দেশ্যে তেওঁ প্ৰযুক্তি প্ৰতিষ্ঠান, চিকিৎসা সঁজুলি নিৰ্মাতা সংস্থা, বিনিয়োগকাৰী, শিক্ষানুষ্ঠান আৰু ষ্টাৰ্ট-আপসমূহক অসমৰ স্বাস্থ্য খণ্ডৰ ৰূপান্তৰমূলক যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ আহ্বান জনায়। অনুষ্ঠানত উপস্থিত বিভিন্ন সংস্থা আৰু প্ৰতিষ্ঠানৰ CSR প্ৰতিনিধিসকলৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত তেওঁ মত-বিনিময়ো কৰে।
আজিৰ এই গাম্ভীৰ্য অনুষ্ঠানত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত-সচিব ডাঃ সিদ্ধাৰ্থ সিং, চি.এছ.আৰ.এ অসমৰ মুখ্য কাৰ্যবাহী বিষয়া নৰেন্দ্ৰ শ্বাহ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মনন এছ, চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰীৰ লগতে দেশৰ বিভিন্ন আগশাৰীৰ কৰ্পোৰেট গোষ্ঠী, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, স্বাস্থ্যসেৱা বিশেষজ্ঞ, প্ৰযুক্তি সংস্থা আৰু বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
উক্ত অনুষ্ঠানখনত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত উদ্ভাৱন, বিনিয়োগ আৰু অংশীদাৰিত্বৰ নতুন সম্ভাৱনা অন্বেষণ কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে এক শক্তিশালী সহযোগিতামূলক মঞ্চ গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।