উৎসৱমুখৰ পৰিবেশ মাজুলীত

মাজুলীত বৰ্ত্তমান উৎসৱমুখৰ পৰিবেশ। সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মাজুলীত ৰাস আৰু পালনামৰ মহোৎসৱ উদযাপিত হৈ আছে। এনে উৎসৱমুখৰ পৰিবেশৰ আমোদ ল’বলৈ মাজুলীলৈ দেশী- বিদেশী অগণন পৰ্যটকৰ আগমন হৈছে। উল্লেখযোগ্য যে প্ৰায় ৬৫ খন ঠাইত ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। প্ৰায় কেইখন ৰাসস্থলীত ৰাস কালিলৈ সামৰণি পৰিব। স্মৰ্তব্য যে ভগবান শ্ৰী কৃষ্ঞ জন্ম বৃত্তান্তৰ ওপৰত ভিত্তি কৰি বিভিন্ন শিল্পীয়ে ৰাস সমূহত অভিনয় কৰে । আটাইতকৈ সুখবৰ যে এনে উৎসৱমুখৰ পৰিবেশত মাজুলীৰ পৰ্যটনে নকৈ প্ৰাণ পাই উঠে।

Comments (0)
Add Comment