এইখন অসমতেই কোৱাৰেণ্টাইন কেন্দ্ৰৰ ব্যৱস্থা কৰিছে গাঁওবাসীয়ে,কিন্তু ক’ত

ৰাজ্যত ক’ৰণাৰ বিভিষিকা বৃদ্ধি পাইছে।সেই অনুসৰি ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।ক’ৰণাত আক্ৰান্ত ৰোগী সমূহৰ চিকিৎসাৰ বাবে ইতিমধ্যে চৰকাৰে যাৱতীয় ব্যৱস্থা কৰাৰ লগতে কোৱাৰেণ্টাইন কেন্দ্ৰ মুকলি কৰিছে।
 
 
ইয়াৰ সমান্তৰালভাৱে গোৱালপাৰা জিলাৰ পশ্চিম কৃষ্ণাই দায়ৰং গাৱৰ গাঁওবাসীয়ে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে।বৰ্হিৰাজ্যৰ পৰা গাৱলৈ অহা লোক সকলৰ বাবে কোৱাৰেণ্টাইন চেণ্টাৰৰ ব্যৱস্থা কৰিছে।জানিব পৰা মতে কোৱাৰেণ্টাইন চেণ্টাৰ থকা লোক সকলক গাঁওবাসীয়ে খাদ্যৰো যোগান ধৰিছে ।ইতিমধ্যে সেই কোৱাৰেণ্টাইন কেন্দ্ৰত ৯জন লোক কোৱাৰেণ্টাইন হৈ আছে বুলি জানিব পৰা গৈছে।
 
বৰ্হিৰাজ্যৰ পৰা অহা যিকোনো লোকৰ দেহৰ পৰা ক’ৰণা ভাইৰাছ যাতে নিবিয়পে তাৰ বাবে গাঁওবাসীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।গাঁওবাসীয়ে গ্ৰহণ কৰা এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে।

Comments (0)
Add Comment