এক্সিলেণ্ট হিউমেননিটি এণ্ড পিচ এৱাৰ্ড লাভ কৰিলে এগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে

শান্তি আৰু মানৱতাৰ হকে দুই দশকজুৰি সেৱা আগবঢ়াই অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই ইউ পি ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডচৰ তৰফৰ পৰা এক্সিলেণ্ট হিউমেননিটি এণ্ড পিচ এৱাৰ্ড২০২০ লাভ কৰে। উল্লেখযোগ্য যে আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা এক অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ অতি কম সংখ্যক লোকক এই বঁটা প্ৰদান কৰে।
 
 
 
 
ইতিপূৰ্বে ড° শইকীয়াই বাবু জাগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা, ড° এ পি জি আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বঁটা, গাৰ্গে বাবা ৰাষ্ট্ৰীয় বঁটা, ইণ্ডিয়া ষ্টাৰ ৰিপাব্লিক এৱাৰ্ড, ড° ভূপেন হাজৰিকা শান্তি বঁটাকে আদি কৰি প্ৰায় ৪৪টা ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে জাৰ্মান, ফিলিপাইনচ, চিৰিয়া, চুইজেৰলেণ্ড, নেপাল, ইজিপ্ট আদি কেইবাখনো ৰাষ্ট্ৰৰ শান্তিৰ বাবে কাম কৰি অহা সমাজকৰ্মীয়ে এই বঁটা লাভ কৰিছে।

Comments (0)
Add Comment