এগৰাকী কিশোৰীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে পথৰ পুথিভঁৰাল

কিতাপ ভালপোৱা এগৰাকী যুৱতী। যিয়েই এতিয়া ঘৰৰপৰাই আৰম্ভ কৰিছে এক বৌদ্ধিক আন্দোলনৰ খোজ। ঘৰতে এটা শিশু পুথিভঁৰাল স্থাপন কৰা সমান্তৰালকৈ আৰম্ভ কৰিছে চৰাইদেউ জিলাৰ প্ৰথমটো পথৰ পুথিভঁৰাল।
 
 
যুৱতীগৰাকীৰ নাম অনিন্দিতা গগৈ। সোণাৰিৰ ভোগবাৰী অঞ্চলৰ বাসিন্দা তথা কৃতি শিক্ষক অৰুণ গগৈ আৰু হিৰণ্য গগৈৰ কন্যা অনিন্দিতাই লক ডাউনৰ সময়তে আৰম্ভ কৰিছিল ত’ত্তছান নামৰ এটা শিশু পুথিভঁৰাল। আছলতে ত’ত্তছান নামৰ গ্ৰন্থখন পঢ়ি অনুপ্ৰাণিত হোৱা অনিন্দিতাই সৰুৰেপৰাই  কিতাপৰ প্ৰতি আকৰ্ষিত হৈছিল।
 
 
দেউতাকৰ দ্বাৰা সংগ্ৰহীত কিতাপৰ মাজতেই ডাঙৰ হোৱা অনিন্দিতাই ঘৰতে শিশু পুথিভঁৰাল এটা আৰম্ভ কৰাৰ পাছত শেহতীয়াকৈ আৰম্ভ কৰিছে চৰাইদেউ জিলাৰ প্ৰথমটো আৰু সম্ভৱত উজনি অসমৰ দ্বিতীয়টো পথৰ পুথিভঁৰাল। অসম নগালেণ্ড আৰু অৰুণাচল প্ৰদেশ এই তিনিখন ৰাজ্যৰ সীমান্তৱৰ্তী এলেকা কানু,ভোগবাৰীৰ দৰে অতি পিছপৰা অঞ্চলৰ শিশু তথা কিশোৰ কিশোৰী সকলক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিবলৈ আৰম্ভ কৰা অনিন্দিতাৰ এই বৌদ্ধিক যাত্ৰা সফল হওক,এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা জনালো অলেখ শুভকামনা।
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞা

Comments (1)
Add Comment
  • ajoy buragohain

    সুন্দৰ মন ভাল লগোৱা বাতৰি।