এন আৰ এলৰ উদ্যোগত অনুষ্ঠিত হ’ল চাইকেলথন কাৰ্যসূচী

গ্ৰীণ এণ্ড ক্লিন শ্লোগানেৰে স্বাস্থ্য,পৰিৱেশ ,প্ৰাকৃতিক গেছৰ সংৰক্ষণৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে এন আৰ এলে।এই কাৰ্যসূচী অংশস্বৰূপে কালি শিলচৰত চাইকেলথন অনুষ্ঠিত কৰে। শিলচৰত অনুষ্ঠিত হোৱা ৬০০ৰো অধিক চাইকেলিষ্টে অংশগ্ৰহণ কৰে।
জানিব পৰা মতে আজি এই কাৰ্যসূচীত প্ৰায় ৬ কিলোমিটাৰ জুৰি চলিছিল। প্ৰতিবছৰে ১৬ জানুৱাৰী পৰা ১৫ ফেব্ৰুৱাৰীলৈকে এনেধৰণৰ কাৰ্যসূচী উদযাপন হৈ আহিছে।
এই চাইকেলথন কাৰ্যসূচীত ফ্লেগ অফ কৰে অসম বিধান সভাৰ স্পীকাৰ ড° আমিনূল হক লস্কৰে।আৰু অতিথি হিচাপে উপস্থিত থাকে শিলচৰৰ বিধায়ক দিলীপ পাল,কাছাৰ জিলা উপায়ুক্ত কিৰ্থী জেলি,কাছাৰ এছ পি ভানৱাৰ লাল মীনা, শিলচৰৰ জিলা পৰিষদ দীপশিখা দে,এন আৰ এলৰ সুব্ৰত দাস আৰু মধুচন্দা অধিকাৰী।

Comments (0)
Add Comment