এন ডি আৰ এফৰ আন্তঃ মণ্ডল এক মিনিটৰ ড্ৰীল , দক্ষতা প্ৰতিযোগিতাৰ সামৰণি

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ উদ্যোগত বুধবাৰৰ পৰা মিৰ্জাৰ ডায়েট চৌহদত ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া আন্তঃ মণ্ডল এক মিনিট ড্ৰীল, দক্ষতা প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। প্ৰতিযোগিতাত দেশৰ চাৰিটা মণ্ডলৰ মুঠ ৮৮ জন প্ৰতিযোগীয়ে ভাগ লৈছিল। আনহাতে প্ৰতিযোগিতাত প্ৰথম.এন.ডি আৰ.এফ বাহিনীয়ে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বঁটা সমূহ বিতৰণ কৰে প্ৰথম এন ডি আৰএফ বেটেলিয়ানৰ কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰীয়ে। প্ৰতিযোগিতাখনত মূলত প্ৰাকৃতিক বা মানৱসৃষ্ট যিকোনো দুৰ্যোগ সংঘটিত হলে সকলো বাধা নেওচিও এক মিনিটৰ ভিতৰত পেশাদাৰী দক্ষতাৰে কেনেদৰে আবদ্ধ, আক্ৰান্ত লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব পাৰি তাক প্ৰদৰ্শন কৰা হৈছিল।

Comments (0)
Add Comment