ওদালগুৰিত চয়াবীনৰ খেতিৰে নতুন বিপ্লৱ অনা কৃষকক অংকুৰিত অসমৰ উষ্ণ সম্বৰ্দ্ধনা

৭০শতাংশ কৃষিজীৱি লোক থকা অসমত খেতিৰ বতৰত এতিয়া ছন পৰি ৰৈছে বিভিন্ন প্ৰান্তৰ বহু পথাৰ। কাৰণ খেতি কৰিবলৈ অসমীয়া লোকৰ হেমাহি। চৰকাৰী অভিলাসী আঁচনিৰ কৃপাত ঘৰতে বহি চাউলৰ পৰা অন্যান্য সামগ্ৰী উপলব্ধ হোৱাৰ ফলতো একাংশৰ অনীহা বৃদ্ধি কৃষি কৰ্মলৈ। ইয়াৰ মাজতে একাংশ কৃষকে ৰাজ্যলৈ আনিছে আশাৰ বতৰা। ওদালগুৰিৰ সমীপৰ পথাৰত ১৮ বিঘা ভূমিত Soyabean ৰ খেতি কৰি লাভান্বিত হৈছে এইসকল কৃষক। ওদালগুৰৰ দাওগালং চয়া ছচাইটিৰ এই পদক্ষেপে অসমৰ কৃষকৰ বাবে কঢ়িয়াইছে আশাৰ বতৰা। কাৰণ একে পৰিমাণৰ ভূমিত ধানৰ স্থানত ছয়া খেতি কৰিলে কৃষক একোজন উপকৃত হব পাৰে ৪গুণ পৰিমাণে। অসমত ছয়া খেতি নহয় বুলি থকা ধাৰণা এই উদ্যমি কৃষকসকলে ভুল প্ৰতিপন্ন কৰিলে।

এইসকল পৰিশ্ৰমী কৃষকক সন্মানিত কৰিবলৈঅংকুৰিত অসম ‘ নামৰ সংগঠনে ক্ষেত্ৰীৰ সমীপৰ টেঘেৰিয়া জলপ্ৰপাতৰ পথত থকা কৃষি পামত অনন্য সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আয়োজন কৰে এক ব্যতিক্ৰমী অনুষ্ঠানৰ। চৰকাৰৰ কৃষি বিভাগৰ যিটো কৰিবলগীয়া কাম সেইয়া উদ্যামী ব্যক্তি নাছেৰ হুছেইৰ নেতৃত্বত অংকুৰিত অসমে কৰি এক বিৰল দৃষ্টান্ত দাঙি ধৰিছে। তেওঁলোকৰ মূল লক্ষ্য হল অসমত চয়াবিনৰ খেতি কৰি কৃষকসকল যে লাভান্বিত হব পাৰে সেয়া প্ৰতিপন্ন কৰাটো।

কৃষকক উৎসাহিত কৰিবলৈ অংকুৰিত অসমৰ এই অভিনৱ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ লয় সাংবাদিক প্ৰণয় বৰদলৈয়ে ।কৃষি বিভাগৰ যুটীয়া সঞ্চালক মৌচম হাজৰিকা, Nedfi, Neramic আদিৰ প্ৰাক্তন শীৰ্ষ কাৰ্যবাহী মনোজ কুমাৰ দাস, কৃষি বিষয়া ভূপেন দাস, কৃষি বিজ্ঞানী ড: জয়ৰাজ ভট্টাচাৰ্য,চৰকাৰী বিষয়া মনোৰঞ্জন বৰ্মণ আদিয়েও এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ লৈ অংকুৰিত অসমৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লয়।

Comments (0)
Add Comment