গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আজি বিশ্ববিদ্যালয়খনৰ অসমীয়া ভাষা আৰু লোক সংগীতৰ অতিথি শিক্ষক হীৰকজ্যোতি শৰ্মাক ওস্তাদ বিছমিল্লা খা যুৱ পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা বাবে আজি উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ভাৰতৰ পৰিৱেশ্য কলাৰ ক্ষেত্ৰত ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ হৈছে এক অতি উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰীয় স্বীকৃতি। বিখ্যাত চেহনাই বাদক ওস্তাদ বিছমিল্লাহ খাঁৰ স্মৃতিত সংগীত নাটক অকাডেমীয়ে এই পুৰস্কাৰ প্ৰদান কৰি আহিছে। সংগীত, নৃত্য, নাট্য আৰু পৰম্পৰাগত বা লোক কলাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ৪০ বছৰৰ তলৰ উদীয়মান যুৱ শিল্পীক উৎসাহ যোগাবলৈ এই বঁটা প্ৰদান কৰা হয়। আনহাতে আজি বিশ্ববিদ্যালয়ত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ শিক্ষক আৰু কৰ্মচাৰীসকল উপস্থিত থাকে । অনুষ্ঠানত বঁটা প্ৰাপক হীৰকজ্যোতি শৰ্মাই এক অতি সুন্দৰ লোক সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । অনুষ্ঠানটোত এছ এছ এ ছচাইটিৰ সভাপতি যশোদা ৰঞ্জন দাস, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জয়ন্ত ডেকা, উপাচাৰ্য অধ্যাপক কন্দৰ্প দাস আৰু পঞ্জীয়ক অধ্যাপক দীপাংকৰ সাহাৰ লগতে কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।