কংগ্ৰেছ(ই) ৰ ভাৰত জোড় পদযাত্ৰা আজি বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ সমষ্টিত সফল সামৰণি

সৰ্বভাৰতীয় কংগ্ৰেছ(ই) দলে সমগ্ৰ দেশজুৰি আৰম্ভ কৰা ভাৰত জোড় পদযাত্ৰা অসম আহি পোৱাৰ পিছত আজি অষ্টম দিনত বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ সমষ্টিৰ অভয়াপুৰী চহৰৰ গান্ধী ময়দানৰ পৰা লেংটিছিঙা অঞ্চলৰ পিয়াৰ বজাৰলৈ পদযাত্ৰা কৰে।ইয়াৰ আগতে অভয়াপুৰী গান্ধী ময়দানত জিলা কংগ্ৰেছ(ই) সমিতি সভাপতি আবুল কাছেমৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এক বৃহৎ ৰাজহুৱা সভাত প্ৰদেশ কংগ্ৰেছ (ই)ৰ সভাপতি ভূপেন বৰা ,অসম বিধানসভাৰ বিৰোধী দলনেতা দেৱব্ৰত শইকীয়া ,সাংসদ আব্দুল খালেক ,বিধায়কদ্বয় প্ৰদীপ সৰকাৰ আৰু নগাঁও সমষ্টিৰ বিধায়কগৰাকীয়ে শাসনাধিস্থ বিজেপি মিত্ৰ দলৰ চৰকাৰ আৰু এ আই ইউ ডি এফ দলৰ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়কসকলৰ বিৰুদ্ধে চোকা সমালোচনা কৰি গুৰুতৰ অভিযোগ উত্থাপন কৰে।অহা কাইলৈ উত্তৰ অভয়াপুৰী হৈ বৰপেটা জিলাৰ বৰটাৰীলৈ এই ভাৰত জোড় পদযাত্ৰা অনুষ্ঠিত কৰাৰ কথা বুলি জানিব পৰা গৈছে।

বাতৰি যুগুতালে প্ৰফুল্ল কুমাৰ দাসে।

Comments (0)
Add Comment