ক`ভিডত আক্ৰান্ত হৈ গৃহত বন্দী হৈ থকা শিশুক পুথি যোগান ধৰিলে

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বিভিন্ন স্থানত ক`ৰণাত আক্ৰান্ত হৈ স্বগৃহত আবদ্ধ হৈ দিন কটোৱা মুঠ ২২ টা পৰিয়ালৰ মাজত আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শিশু পুথি বিতৰণ কৰা হয়। মহকুমাটোৰ পশ্চিম মাছখোৱা অঞ্চলৰ উদ্যোগী যুৱক কৌস্তভ চুতীয়াৰ একক প্ৰচেষ্টাত, যুৱ সমাজকৰ্মী হেমেন বৰা , ৰিবুল চুতীয়া , অশোক বৰুৱা ,নিপু বৰুৱা , জ্যেষ্ঠ সমাজকৰ্মী ললিত গগৈৰ সহযোগত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন গ্ৰামাঞ্চলত ক`ভিডত আক্ৰান্ত হৈ স্বাস্থ্য বিভাগৰ বিধি মানি “কন্টেইনমেন্ট জ’নৰ ভিতৰত থকা আক্ৰান্ত পৰিয়াল সমূহৰ মাজত বিনামূলীয়াকৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰে। তাৰোপৰি এনেবোৰ এলেকাত থকা কণ কণ শিশু সকলৰ মাজত মানসিক উৎকৰ্ষ সাধনৰ বাবে শতাধিক শিশু পুথি বিনামূলীয়া ভাবে বিতৰণ কৰে উদ্যোগী যুৱ সমাজকৰ্মী সকলে। উদ্যোগী যুৱক সকলে স্বাস্থ্য সজাগতা বিধি মানি আবদ্ধ পৰিয়াল সমূহক ক`ভিডৰ বিৰুদ্ধে সবল ভাবে যুঁজ দিয়াৰ আহ্বান জনায় ।
খবৰ যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই..

Comments (0)
Add Comment