ক’ভিডৰ বিৰুদ্ধে স্বাস্থ্য মন্ত্রালয়ৰ সৈতে যুঁজ দিব আয়ুস মন্ত্রালয়ে

ৰাজ্যত ক’ৰণাৰ তৃতীয় ঢৌৰ সংক্রমণৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজখনত আয়ুস মন্ত্রালয়ে স্বাস্থ্য মন্ত্রালয়ক পূর্ণ সহযোগ আগবঢ়াব৷ –এই ঘোষণা কেন্দ্রীয় আয়ুস মন্ত্রী সর্বানন্দ সোণোৱালৰ৷ ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত শনিবাৰে এখন সংবাদ মেল সম্বোধন কৰি কেন্দ্রীয় মন্ত্রী সোণোৱালে কয় যে দেশত বৃদ্ধি হোৱা ক’ৰনাৰ সংক্রমণৰ বিৰুদ্ধে পুনৰ আৰম্ভ হোৱা যুঁজখনত স্বাস্থ্য মন্ত্রালয়ৰ সৈতে আয়ুস মন্ত্রালয়ে ঘনিষ্ঠভাৱে কাম কৰিব৷ পূর্বেও আয়ুস মন্ত্রালয়ে স্বাস্থ্য মন্ত্রালয়ৰ সৈতে একেলগে কাম কৰাৰ লগতে পর্যাপ্ত পৰিমাণৰ ঔষধো যোগান ধৰি আহিছে৷ তেওঁ সকলোকে আয়ুস মন্ত্রালয়ে জাৰি কৰা নির্দেশনা মানি চলিবলৈ আহ্বান জনায়৷
কেন্দ্রীয় মন্ত্রী সোণোৱালে ইয়াকো উল্লেখ কৰে যে আয়ুস মন্ত্রালয়ে ক’ৰনাবিৰোধী যুঁজত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু মহামাৰীৰ সময়ত জনসাধাৰণক অধিক সক্ষম কৰি ৰখাৰ বাবে চ্যাবনপ্রাছ, শংঘমণি বাতি, অনুটেইল আৰু আয়ুস কোৱাসক লৈ ‘আয়ুৰক্ষা কিট’ নামৰ এক আয়ুর্বেদিক কিট প্রস্তুত কৰিছে৷ আয়ুস পৰীক্ষা প্রণালীত ক’ভিডৰ ব্যৱস্থাপনা আৰু চিকিৎসাৰ বাবে বহুতো প্রমাণিত উপায় আছে৷ সেয়ে মৃদুৰ পৰা মধ্যমীয়া ক’ভিড সংক্রমণত হোম আইছ’লেচনত থকা লোকসকলে চিকিৎসকৰ সৈতে আলোচনা কৰি আয়ুস–৬৪ বা কাবাচুৰ কুডিনাৰ গ্রহণ কৰিব পাৰে৷ নিয়মিতভাৱে যোগাভ্যাস কৰিবলৈ আৰু সংক্রমণ প্রতিৰোধ কৰিবলৈও তেওঁ আহ্বান জনায়৷ কেন্দ্রীয় মন্ত্রী সোণোৱালে প্রকাশ কৰা মতে দেশত বৃদ্ধি হোৱা ক’ৰণাৰ সংক্রমণৰ সকলো পৰিস্থিতি আয়ুস মন্ত্রালয়ে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে৷ ইয়াৰ বাবে আয়ুস মন্ত্রালয়ে যাৱতীয় নির্দেশনা জাৰি কৰিছে৷

Comments (0)
Add Comment