কমতাপুৰ বাসীৰ বাবে সুখবৰ

কমতাপুৰ বাসীৰ বাবে কালি দিনটো এক ঐতিহাসিক দিন, কিয়নো বিধানসভাত কমতাপুৰ স্বায়ত্ব পৰিষদৰ এখন বিল অলপতে গৃহীত হয়।এতিয়া ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, দক্ষিণ শালমৰা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত হ’ব।
 
 
এই সম্পৰ্কে কাৰ্তিক ৰয় কয় যে কালি দিনটো এক ঐতিহাসিক দিন ।১৯৯০ চনৰ পৰা আমি এই সম্পৰ্কে আন্দোলন কৰি আহিছিলো।সেই আন্দোলনৰেই ফল দিলে আৰু বিল খন বিধান সভাত গৃহীত হ’ল ।তথাপিও আমি জনজাতীয় মৰ্য্যদা পাবলৈ আছে। তেখেতে লগতে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে ।

Comments (0)
Add Comment