কাঁ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ল অসমৰ ডিজাইনাৰৰ সাজ

অসমৰ অন্যতম আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ অন্য এক সাফল্য ।সংযুক্তা দত্তই প্ৰস্তুত কৰা পাটৰ গ্ৰাউণ্ড পিন্ধি আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এগৰাকী মডেলে ৰেড কাৰ্পেটত খোজ দিলে।অলপতে অনুষ্ঠিত হোৱা ৭২তম সন্মানীয় কাঁ চলচিত্ৰ মহোৎসৱত গ্ৰেট ব্ৰিটেইনৰ আগশাৰীৰ মডেল ইনগ্ৰিণ্ডাই খোজ পেলালে।অসমৰ পাট সুতাৰ বিশ্বমুখী যাত্ৰাত আনন্দিত হৈ সংযুক্তাই মনৰ অনুভৱ এনেদৰে ব্যক্ত কৰে-যথেষ্ট আনন্দিত হৈছো।এটা সপোন সাৰ্থক হৈছে।এই গ্ৰাউণ্ডটো প্ৰস্তুত কৰোতে ২মাহৰ পৰা ৩মাহ পৰ্য্যন্ত সময় লাগিছিল ।জাপিৰ ডিজাইন দি গুণাত কাম কৰা হৈছে ।উল্লেখযোগ্য যে ইতিপূৰ্বেও সংযুক্তাই ডিজাইন কৰা সাজ লেকমি ফেশ্বন ইউকত প্ৰদৰ্শিত হৈছিল ।হেমা মালিনী, ইচা দেউল, বিপাশা বসু, টাবুয়ে পৰিধান কৰিছিল।অসমৰ সোণালী সুতাৰ এই বিশ্বমুখী যাত্ৰাই সকলোকে গৌৰৱান্বিত কৰি তুলিছে ।

Comments (0)
Add Comment