কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় একতা দিৱস পালন

লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ এক ভাৰত শ্রেষ্ঠ ভাৰতৰ আদৰ্শৰে প্ৰতিগৰাকী ভাৰতীয়ই দেশৰ একতা,অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব—আজি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কামৰূপ জিলাৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত নৰসিং বেয়ে চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইদৰে কয়। তেওঁ আৰু কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিসীম। স্বাধীন ভাৰতৰ প্রথম গৰাকী উপ-প্রধানমন্ত্ৰী তথা গৃহমন্ত্ৰী লৌহমানৱ, ভাৰতৰত্ন চৰ্দাৰ বল্লভভাই পেটেলে স্বাধীনতাৰ সময়ত দেশৰ সৰু সৰু ৰাজ্যসমূহ একত্ৰিত কৰি এক শক্তিশালী গণতন্ত্ৰৰ ভেটি গঢ়ি তুলিছিল। তেওঁ লগতে কয় যে এই দিনটোতে স্বাধীনতা সংগ্ৰামত এই ৰাষ্ট্ৰীয় নেতাজনে কৰা কঠোৰ পৰিশ্ৰম, প্ৰচেষ্টা আৰু ভাৰতৰ ৰাজকীয় ৰাজ্যসমূহৰ একত্ৰীকৰণত তেওঁৰ মহান ভূমিকাৰ কথা সকলোকে সোঁৱৰাই দিছে।
অনুষ্ঠানত শ্ৰীবেয়ে উপস্থিত সকলোকে ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰোৱায়। উল্লেখযোগ্য যে ৰাষ্ট্ৰৰ প্ৰতি চৰ্দাৰ বল্লভ ভাই পেটেলৰ অমূল্য অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৪ চনৰ পৰা তেওঁৰ জন্ম দিনটি ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে পালন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল।সমগ্ৰ দেশৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত আজিৰ অষ্টম ৰাষ্ট্ৰীয় একতা দিৱসৰ অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামীৰ লগতে চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ, নিৰ্বাচনী বিষয়া মানস জ্যোতি বৰা, সহকাৰী আয়ুক্ত চেহনাব সাহীনকে ধৰি জিলা প্রশাসনৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Comments (0)
Add Comment