কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পাঠদানৰ সময় সালসলনি

বিগত কেইদিনমান ধৰি কামৰূপ জিলাত তাপমাত্ৰা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যাতে বিদ্যালয়ৰ পাঠদানৰ সময়ছোৱাত অধিক তাপমাত্ৰাৰ সন্মুখীন হব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি কামৰূপ জিলাৰ জিলা দণ্ডাধীশে এক আদেশৰ জৰিয়তে অহা ৫ জুনৰ পৰা কাৰ্যকাৰী হোৱাকৈ কামৰূপ জিলাৰ অধীনৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয় সমূহৰ পাঠদানৰ সময় সূচী ১ ঘণ্টা আগুৱাই দিছে। সংশোধিত সময়সূচী অনুসৰি অহা ৫ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰাথমিক বিদ্যালয় সমূহ ৰাতিপুৱা ৭.৩০ পৰা ১১.৩০ বজালৈ, মধ্য ইংৰাজী বিদ্যালয় সমূহ ৰাতিপুৱা ৭.৩০ পৰা ১.১৫ বজ‍ালৈ আৰু উচ্চতৰ তথা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহৰ পাঠদান ৰাতিপুৱা ৭.৩০ পৰা ১.৫৫ বজালৈ হ’ব। এই আদেশ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই ।

Comments (0)
Add Comment