কামৰ যে সৰু বৰ নাই আৰু ইচ্ছা কৰিলে শিক্ষিত যুৱকসকলে কৃষি কৰ্ম কৰিব পাৰে তাৰ বিৰল নিদৰ্শন দেখুৱাইছে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ তথা জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ধাৰাপুৰ ধোপৰতলৰ সাতজন দীক্ষিত যুৱক ক্ৰমে – ৰিংকু কলিতা, চন্দন কলিতা, বিপুল কলিতা, জিতু কলিতা, ধ্ৰুৱ কলিতা, চতু কলিতা আৰু কল্যাণ কলিতাই। এই সাতোজন যুৱকে তেওঁলোকৰ ঘৰৰ পৰা কিছু নিলগৰ ধাৰাপুৰৰ পৰা ভট্টাপাৰালৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত থকা কৃষি প্ৰধান ক্ষেত্ৰ হিচাপে পৰিচিত ৰাণী চাপৰিত বিগত প্ৰায় তিনিমাহ ধৰি ৪০ বিঘা মাটি টেক্টৰৰে চহাই খেতিৰ উপযোগী কৰি কৰি সেই মাটিত বিভিন্ন খেতি আৰম্ভ কৰিছে। সদ্যহতে তাৰ ২০ বিঘা মাটিত যোৱা তিনি – চাৰিমাহ ধৰি ঋতুকালীন খেতি কৰি স্ব- নিৰ্ভৰশীল হ’বলৈ সক্ষম হোৱাৰ লগতে আন শিক্ষিত যুৱকসকলৰ বাবেও এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত সাতোজন যুৱকে জানিবলৈ দিয়া মতে তেওঁলোকে সম্প্ৰতি ৬ বিঘাত ৰঙালাও , ৫ বিঘাত ভেণ্ডি, ৩ বিঘাত লাই শাক আৰু ধনীয়া, ৫ বিঘাত ৰঙা দাঠা শাক, খুতুৰা শাক আৰু ধেৰুৱা , ১ বিঘাত পালেং শাকৰ খেতি কৰিছে। বৰ্তমান তেওঁলোকে শাক বিক্ৰী কৰি কিছু উপাৰ্জন কৰিছে। যোৱা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত তেওঁলোকে টেক্টৰ এখন ভাড়াত লৈ আটাইকেইজনে মিলি ৰাণী চাপৰি ( চৰ নেহালি ) ত থকা ৪০ বিঘা পতিত মাটিত চহ কৰা কাৰ্য আৰম্ভ কৰিছিল। প্ৰথম পৰ্যায়ত তেঁওলোকে ২০ বিঘা মাটিহে খেতিৰ উপযোগী কৰি তুলিছে। সেই মাটি টেক্টৰৰে চহ কৰাৰ পাছত তেওঁলোকে নিজকে নিজে বলধ গৰুৰ দৰে মৈ দিবলগীয়া হৈছে। তেওঁলোকে নিয়মীয়াকৈ নাৱেৰে পুৱা ৰাণী চাপৰিলৈ যায় আৰু সন্ধিয়াৰ আগে আগে ঘৰলৈ উভতি আহে। বাকী ২০ বিঘা মাটিত বাৰিষা যোৱাৰ পাছত আলু সৰিয়হ , ফুলকবিকে ধৰি বিভিন্ন ঋতুকালীন খেতি আৰম্ভ কৰিব বুলি তেওঁলোকে সদৰি কৰিছে। উল্লেখ্য যে তেওঁলোকে ডিগ্ৰী লাভ কৰাৰ পাছত নিজ পৰিয়ালৰ সৈতে সৰু সুৰা ব্যৱসায় কৰি আহিছিল যদিওঁ ঘৰখন সুকলমে পৰিচালনা কৰাৰ লক্ষ্যৰে কৃষিকৰ্মত নিজকে জড়িত কৰিছে। সম্প্রতি ২০ বিঘা মাটিত খেতিৰ জৰিয়তে লাভ কৰা ধনেৰে আৰ্থিকভাবে কিছু হলেও সকাহ লাভ কৰিছে বুলি তেওঁলোকে জানিবলৈ দিছে। অৱশ্যে বিগত ২০২৫ বৰ্ষৰ মাঘ বিহুৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাণী চাপৰি কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহোতে কৃষি কৰ্ম কৰি থকা চাৰি শতাধিক কৃষকক খেতি কৰা মাটিৰ বিপৰীতে পট্টা দিম বুলি ঘোষণা কৰিছিল। সেই ঘোষণা অনুসৰি আজাৰা ৰাজহ চক্ৰৰ ফালৰ পৰা বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বহু কৃষকক বিঘাই প্ৰতি মাত্ৰ ৫০০ টকাৰ প্ৰিমিয়ামৰ বিপৰীতে মাটিৰ পট্টা প্ৰদান কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকে যি ৪০ বিঘা মাটিত খেতি কৰিছে তাৰ বিপৰীতে এখন পঞ্জীয়নভুক্ত কৃষিপাম তথা ফাৰ্ম গঠন কৰি সেই মাটি ফাৰ্মৰ নামত আবণ্টন দিবৰ বাবে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাব বুলি ব্যক্ত কৰিছে।