কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত ফুলগুৰিত ‘কামৰূপা’ নামৰ উন্নত জাতৰ কুকুৰাৰ পোৱালী বিতৰণ

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত ফুলগুৰিত আজি ২৬ গৰাকী কৃষকক ‘কামৰূপা’ নামৰ উন্নত জাতৰ কুকুৰাৰ পোৱালী বিতৰণ কৰা হয়। অন্য কৃষি পামৰ লগত সমন্বিত ভাবে এই উন্নত প্ৰজাতিৰ কুকুৰা সমূহ পালন কৰি আয় বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে কৃষকৰ মাজত এই উন্নত জাতৰ কুকুৰা পোৱালি সমূহ বিতৰন কৰা হয়়। নগাঁও জিলাৰ ফুলগুৰি পশু চিকিৎসালয় চৌহদত অনুষ্ঠিত কুকুৰা পোৱালী বিতৰণ অনুষ্ঠানত উপস্থিত থাকি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশুবিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকাই বৈজ্ঞানিক পদ্ধতিৰে কুকুৰা পালন কৰাত গুৰুত্ব আৰোপ কৰে আৰু কামৰূপা কুকুৰাৰ বহল পৰিসৰত পালন কৰি কৃষকক স্বাৱলম্বী হবলৈ উৎসাহ জনায়। অনুষ্ঠানটিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰাৰ ভেষজবিদ্যা আৰু বিষক্ৰিয়া বিভাগৰ মুৰব্বী ড০ দুলাল চন্দ্ৰ ৰয়, ঔষধ বিভাগৰ সহকাৰী অধ্যাপিকা ড০ দীপা লহকৰ আৰু ফুলগুৰি পশুচিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ বিনয় বৰদলৈৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী প্ৰগতিশীল কৃষক উপস্থিত থাকে।

Comments (0)
Add Comment