কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত ফুলগুৰিত আজি ২৬ গৰাকী কৃষকক ‘কামৰূপা’ নামৰ উন্নত জাতৰ কুকুৰাৰ পোৱালী বিতৰণ কৰা হয়। অন্য কৃষি পামৰ লগত সমন্বিত ভাবে এই উন্নত প্ৰজাতিৰ কুকুৰা সমূহ পালন কৰি আয় বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে কৃষকৰ মাজত এই উন্নত জাতৰ কুকুৰা পোৱালি সমূহ বিতৰন কৰা হয়়। নগাঁও জিলাৰ ফুলগুৰি পশু চিকিৎসালয় চৌহদত অনুষ্ঠিত কুকুৰা পোৱালী বিতৰণ অনুষ্ঠানত উপস্থিত থাকি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশুবিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকাই বৈজ্ঞানিক পদ্ধতিৰে কুকুৰা পালন কৰাত গুৰুত্ব আৰোপ কৰে আৰু কামৰূপা কুকুৰাৰ বহল পৰিসৰত পালন কৰি কৃষকক স্বাৱলম্বী হবলৈ উৎসাহ জনায়। অনুষ্ঠানটিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰাৰ ভেষজবিদ্যা আৰু বিষক্ৰিয়া বিভাগৰ মুৰব্বী ড০ দুলাল চন্দ্ৰ ৰয়, ঔষধ বিভাগৰ সহকাৰী অধ্যাপিকা ড০ দীপা লহকৰ আৰু ফুলগুৰি পশুচিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ বিনয় বৰদলৈৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী প্ৰগতিশীল কৃষক উপস্থিত থাকে।
Trending
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ