কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত ‘যান্ত্ৰিকীকৰণৰ দ্বাৰা ধান সিচাঁ পদ্ধতি’ শীৰ্ষক কৃষক প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প(এপাৰ্ট)ৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সৌজন্যত আজি ‘যান্ত্ৰিকীকৰণৰ দ্বাৰা ধান সিচাঁ পদ্ধতি’ শীৰ্ষক দুদিনীয়া কৃষক প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ হয়। শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত চলি থকা প্ৰশিক্ষণ কৰ্মশালাত কাৰ্বি আংলং জিলাৰ কৃষি সজুঁলি ভাৰা দিয়া কেন্দ্ৰ আৰু নগাঁও জিলাৰ শংকৰ আজান এগ্ৰ প্ৰডিউচাৰ কম্পেনী লিমিটেডৰ অৰ্ধশতাধিক ব্যক্তিয়ে হাতে কামে প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণ কৰ্মশালাটিৰ আৰম্ভণি কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই ‘ধান খেতিত যান্ত্ৰিকীকৰণৰ বাবে ব্যৱহাৰ কৰা সজুলি সমূহৰ প্ৰশিক্ষণৰ দ্বাৰা নগাঁও আৰু কাৰ্বি আংলং জিলাৰ কৃষক সকল বিশেষ ভাৱে উপকৃত হব। সহকাৰী প্ৰকল্প বিশেষজ্ঞা বিদিশা বৰাই আঁত ধৰা কৰ্মশালাটিত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ বিশেষজ্ঞ ডঃ সূৰ্য কান্ত খন্দাৰ, বিপিন কুমাৰ, কাৰিকৰী বিষেশজ্ঞা পল্লৱ সিনহাই ছিড কাম ফাৰ্টিলাইজাৰ ড্ৰিল(Seed cum fertilizer drill), ড্ৰাম চিদাৰ(drum seeder), পাৱাৰ উইদাৰ কাম হাৰভেচটাৰ(power weeder cum harvester) এই সজুলি সমূহৰ ব্যৱহাৰিক জ্ঞানৰ হাতে কামে প্ৰশিক্ষণ প্ৰদান কৰে।

Comments (0)
Add Comment