কেন্দ্ৰীয় ডনাৰ মন্ত্ৰীয়ে উন্মোচন কৰিলে ডিছকভাৰিং দ্যা হেৰিটেইজ শীৰ্ষক এখন গ্ৰন্থ

কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে অলপতে ডিছকভাৰিং দ্যা হেৰিটেইজ অৱ আছাম শীর্ষক এখন গ্ৰন্থ উন্মোচন কৰে। এই গ্ৰন্থখন লিখি উলিয়াইছে ৰাজহ বিষয়া পদ্মপানি বৰাই।
 
 
এই গ্ৰন্থখন উন্মোচন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই গ্ৰন্থখনে অসমৰ বিষয়ে বহু নজনা কথা পাঠকক জনাত সহায় কৰিব। গ্ৰন্থখনত অসমীয়া ঐতিহ্য পৰম্পৰা,বিশ্বাস আৰু জনগোষ্ঠীৰ স্বকীয় আচাৰ নীতি সুন্দৰ ভাৱে বৰ্ণনা কৰা আছে।
 
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পদ্মপানি বৰাৰ এই প্ৰচেষ্টাক শলাগ লোৱা লগতে এই গ্ৰন্থখনে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে জনাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

Comments (0)
Add Comment