কেৰিয়াৰ কৰ্মশালা আয়োজন

কেৰিয়াৰ কৰ্মশালা আয়োজন

উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ হোটেল মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান‘গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্টৰ উদ্যোগত “Career Counselling Seminar in Hotel Management” শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে । অহা ২৩ মে’ত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই।
 
 
হোটেল মেনেজমেণ্ট আৰু কেটাৰিং টেকন’লজীৰ পাঠ্যক্রম সম্পূর্ণ কৰাৰ পৰৱৰ্তী পৰ্য্যায়ত কেনেধৰণৰ সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰিব ,এই সম্পৰ্কে  ড° বুঢ়াগোহাঁয়ে বিতংকৈ আলোচনা আগবঢ়োৱাৰ লগতে অংশগ্রহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিব। কৰ্মশালাত অংশ গ্রহণৰ বাবে আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে ৯১২৭০৬১০০০, ৯১২৭০৬৪০০০, ৯৪৩৫১৮৮৬৩০ এই তিনিটা ফোন নম্বৰ অথবা ই-মেইল gihm.ghy@gmail.com ত যোগাযোগ কৰিব পাৰিব।

Comments (0)
Add Comment