কেৰিয়াৰ কৰ্মশালা আয়োজন

0 230

উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ হোটেল মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান‘গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্টৰ উদ্যোগত “Career Counselling Seminar in Hotel Management” শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে । অহা ২৩ মে’ত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই।
 
 
হোটেল মেনেজমেণ্ট আৰু কেটাৰিং টেকন’লজীৰ পাঠ্যক্রম সম্পূর্ণ কৰাৰ পৰৱৰ্তী পৰ্য্যায়ত কেনেধৰণৰ সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰিব ,এই সম্পৰ্কে  ড° বুঢ়াগোহাঁয়ে বিতংকৈ আলোচনা আগবঢ়োৱাৰ লগতে অংশগ্রহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিব। কৰ্মশালাত অংশ গ্রহণৰ বাবে আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে ৯১২৭০৬১০০০, ৯১২৭০৬৪০০০, ৯৪৩৫১৮৮৬৩০ এই তিনিটা ফোন নম্বৰ অথবা ই-মেইল [email protected] ত যোগাযোগ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.