খবৰৰ সমাহাৰে

সমন্বয়ৰ বাৰ্তা বিলাই আজিৰে পৰা আৰম্ভ হৈছে জোনবিল মেলা। মৰিগাঁও জিলাৰ ঐতিহাসিক মেলাস্থলীত অসংখ্য লোকৰ সমাগম হৈছে। জানিবপৰামতে কালি পুৱাৰে পৰা বিনিময় প্ৰথা অনুষ্ঠিত হ’ব। গুভা ৰজাই বিনিময় প্ৰথাত অংশ গ্ৰহণ কৰিব। ইচ্ছুক পৰ্যটকে তিৱাৰ পৰম্পৰাগত সাজ পোচাক পৰিধান কৰি ফটো উঠিব পৰা ব্যৱস্থা আছে।

আনহাতে বঙাইগাও জিলাত আজিৰে পৰা আৰম্ভ হৈছে পিংক অটো সেৱা। চিটি মিচন মেনেজমেণ্টৰ অধীনত চলাচল কৰা পিংক অটো সেৱা সমগ্ৰ উত্তৰ পূবতে প্ৰথম। প্ৰাপ্ত বাতৰিমতে ১৩ খন পিংক অটো ৰিফাইনেৰী আৰু এছ, বি, আই ফালৰ পৰা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে এই ১৩ খন পিংক অটোত চালকৰূপে আছে ১৩ গৰাকী মহিলা। কেৱল মহিলা আৰু শিশুৰ বাবে আৰম্ভ হোৱা পিংক অটো সেৱাত নিয়োজিত মহিলা চালকসকলক ১৩ টা আত্ম সহায়ক গোটৰ পৰা নিৰ্বাচন কৰি লোৱা হৈছে। মহিলাসকলক অসুবিধা আৰু নিৰ্যাতনৰ প্ৰতি লক্ষ্য ৰাখি অটো সেৱাত GPS সংযুক্ত কৰা হৈছে।

খানাপাৰা হোটেল পালাচিঅ’ অনুষ্ঠিত হৈ আছে কবাব ফেষ্টিভেল। আমিষ নিৰামিষৰ লগতে বিভিন্ন ফল-ফুলৰে সজোৱা কবাব ফেষ্টিভেলটোত উপলব্ধ হৈছে। ইয়াৰ ভিতৰত ফিছ ইৰাণী কবাব, মটন চামমী কবাব, হাৰা ভাৰা কবাব, পনীৰ টিক্কা অন্যতম। সমূহ খাদ্য ৰসিকক কবাবৰ সোৱাদ ল’বলৈ আয়োজকে সংবাদ মেল যোগে আহ্বান জনাইছে।

Comments (0)
Add Comment