খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ

অহা ৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া জিলা পৰ্যায়ৰ খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় । সভাত জিলা আয়ুক্তগৰাকীয়ে খেল পৰিচালনাৰ ক্ষেত্ৰত ফিক্সাৰৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে ।বিশেষকৈ যাতায়তৰ ক্ষেত্ৰত খেলুৱৈসকলৰ কোনো অসুবিধা নোহোৱাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সম-জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া জিলা পৰ্যায়ৰ খেল মহাৰণ ৯ ফেব্ৰুৱাৰীত অন্ত পৰিব । জিলা আয়ুক্তই ৮ ফেব্ৰুৱাৰীৰ উদ্বোধনী অনুষ্ঠানত স্কুলৰ শিক্ষাৰ্থীসকলকো জড়িত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে । আজিৰ সভাত মহানগৰ আৰক্ষীৰ উপ-আয়ুক্ত (নিৰাপত্তা ) ধ্ৰুৱ বৰা, অতিৰিক্ত জিলা আয়ুক্ত কেচিঅ’ কৰণ পেগু, দিছপুৰ আৰু নিউ গুৱাহাটী সম-জিলা আয়ুক্তদ্বয় ক্ৰমে মনজিৎ বৰকাকতি আৰু প্ৰিয়াংশু ভৰদ্বাজ,জালুকবাৰী সম জিলাৰ সহকাৰী আয়ুক্ত ভাস্কৰ পেগু ,সংশ্লিষ্ট বিভাগৰ বিষয়া তথা শাৰিৰীক প্ৰশিক্ষকসকল উপস্থিত থাকে।

Comments (0)
Add Comment