অহা ৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া জিলা পৰ্যায়ৰ খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় । সভাত জিলা আয়ুক্তগৰাকীয়ে খেল পৰিচালনাৰ ক্ষেত্ৰত ফিক্সাৰৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে ।বিশেষকৈ যাতায়তৰ ক্ষেত্ৰত খেলুৱৈসকলৰ কোনো অসুবিধা নোহোৱাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সম-জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া জিলা পৰ্যায়ৰ খেল মহাৰণ ৯ ফেব্ৰুৱাৰীত অন্ত পৰিব । জিলা আয়ুক্তই ৮ ফেব্ৰুৱাৰীৰ উদ্বোধনী অনুষ্ঠানত স্কুলৰ শিক্ষাৰ্থীসকলকো জড়িত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে । আজিৰ সভাত মহানগৰ আৰক্ষীৰ উপ-আয়ুক্ত (নিৰাপত্তা ) ধ্ৰুৱ বৰা, অতিৰিক্ত জিলা আয়ুক্ত কেচিঅ’ কৰণ পেগু, দিছপুৰ আৰু নিউ গুৱাহাটী সম-জিলা আয়ুক্তদ্বয় ক্ৰমে মনজিৎ বৰকাকতি আৰু প্ৰিয়াংশু ভৰদ্বাজ,জালুকবাৰী সম জিলাৰ সহকাৰী আয়ুক্ত ভাস্কৰ পেগু ,সংশ্লিষ্ট বিভাগৰ বিষয়া তথা শাৰিৰীক প্ৰশিক্ষকসকল উপস্থিত থাকে।
Trending
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ