লোকগীতৰ মুকুট বিহীন সম্ৰাট, কিংবদন্তী শিল্পী প্ৰয়াত ৰামেশ্বৰ পাঠকৰ সোঁৱৰণিত গুৱাহাটীৰ আৰ্য এলুমনি ফ’ৰামে অহা ২৫ জানুৱাৰীত কামৰূপ মহানগৰ জিলা ভিত্তিত লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ফৰামৰ সভাপতি বিজয়ানন্দ চৌধুৰী আৰু সম্পাদক অনিল দাসে এটা বিবৃতিত জানিবলৈ দিয়া মতে সিদিনা পুৱা ১০ বজাৰ পৰা আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাখনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত শিক্ষাৰ্থী সকলে ভাগ লব পাৰিব। আনহাতে প্ৰতিযোগিতাত যোগদান কৰিব বিচৰা আগ্ৰহী প্ৰতিযোগী সকলে এই বিষয়ে কিবা জানিব বিচাৰিলে ৯৮৬৪০২৮৮৫৯, ৯৪৩৫১৯১৭৯৬, ৯৪৩৫৩৪৮৭১৯ মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি ফৰামৰ প্ৰচাৰ বিভাগৰ দায়িত্ববাহী হোমেন পেগুৱে জানিবলৈ দিছে।
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন