গীতে মাতে মুখৰিত জামুগুৰিহাটৰ সোণোৱালী আঘোণৰ পথাৰ-এশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি জামুগুৰিহাটৰ দুখন গাঁওৰ ৰাইজে একেলগে চপাইছে সোণগুটি

এশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি জামুগুৰিহাটৰ দুখন গাঁওৰ ৰাইজে একেলগে চপাইছে সোণগুটি। আঘোণৰ সোণোৱালী পথাৰত এতিয়া গঞাঁ ৰাইজৰ সমাহীন ব্যস্ততা।সোণগুটি চপোৱাৰ ব্যস্ত সকলো।এশবছৰীয়া পৰম্পৰা ৰক্ষা কৰি জামুগুৰিহাটৰ দুখন গাঁৱৰ ৰাইজে সমুহিয়া ভাৱে এশবিঘাৰো অধিক মাটিত কৰি অহা ধানৰ খেতি চপাইছে । ডেকাচুক আৰু গোধমৰাচুক গাঁও দুখনৰ পুৰুষ মহিলা সকলোৰে আনন্দ মনৰে পথাৰত কাটিছে ধান।আঘোণৰ পথাৰৰ সোণোৱালী ধাননি দৰা চপাই থকাৰ মাজতে কোনোৱে জুৰিছে বিহু গীত।যিটো সময়ত আমাৰ সমাজৰ পৰা যান্ত্ৰিকতাৰ প্ৰভাৱত পৰি সমূহীয়া ভাৱে কৰা কিছু প্ৰথা নাইকিয়া হৈ যাবলৈ ধৰিলে সেই সময়তে জামুগুৰিহাটৰ এইদুখন গাঁওৰ ৰাইজে এইদৰে এশবছৰীয়া পৰম্পৰা ৰক্ষা কৰি সমূহীয়া ভাৱে কৰা ধান খেতি চপাই সীমাহীন আনন্দ লাভ কৰাৰ লগতে এশবছৰীয়া পৰম্পৰা ৰক্ষা কৰি অহাটো অত্যন্তই ইতিবাচক হিচাপে বিবেচিত হৈছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment