গুৱাহাটীৰ আকাশত উৰিছে যুদ্ধ বিমান -১২ ডিচেম্বৰত মাছখোৱাত হ`ব বিৰল কুচকাৱাজ

১৯৭১ চনৰ ভাৰত – পাক যুদ্ধৰ ৫০ বছৰীয়া গৌৰৱময় সোণালী বিজয়পূৰ্তি উপলক্ষে ভাৰতীয় বায়ু সেনাৰ শ্বিলংস্থিত ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে অহা ১২ ডিচেম্বৰত গুৱাহাটীৰ মাছখোৱাৰ লাচিতঘাটত প্ৰদৰ্শন কৰিব যুদ্ধ বিমানৰ বৃহৎ কুচকাৱাজ। পুৱা ১০ বজাৰ পৰা ১১ বজালৈ এঘণ্টাৰ বাবে অনুষ্ঠিত লবলগীয়া কুচকাৱাজত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী । আনহাতে যুদ্ধ বিমানৰ কুচকাৱাজৰ বিশেষ আকৰ্ষণ হব ভাৰতীয় বায়ু সেনাৰ অলংকাৰ স্বৰূপ সূৰ্যকিৰণ বিমান । তেনেদৰে ভাগ লব SU – 30 MKI যুঁজাৰু বিমান , MI 17 , আৰু M I BS -17 শ্ৰেণীৰ শেহতীয়া প্ৰযুক্তিৰে নিৰ্মিত হেলিকাপ্তাৰ । ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ এক সূত্ৰই সদৰি কৰা অনুসৰি কুচকাৱাজত প্ৰায় ১৪ খন সূৰ্যকিৰণ যুদ্ধ বিমান , ২ খন SU -30 MKI যুদ্ধ বিমান আৰু কেবাখনো হেলিকাপ্তাৰে ভাগ লব । তেনেদৰে আকাশৰ নিম্ন উচ্চতাৰে উৰণ কৰিব লগীয়া যুদ্ধ বিমান দুখন তেজপুৰৰ বায়ু সেনা ঘাটিৰ পৰা আৰু সূৰ্যকিৰণ যুদ্ধ বিমানৰ লগতে হেলিকাপ্তাৰ সমূহ বৰঝাৰৰ বায়ু সেনাৰ ঘাটিৰ পৰা উৰা মাৰিব । ইতিমধ্যে বিগত তিনি চাৰিদিন ধৰি বৰঝাৰৰ বায়ু সেনাৰ ঘাটিৰ পৰা মাছখোৱাত কুচকাৱাজ তথা প্ৰদৰ্শনৰ বাবে সূৰ্যকিৰণ বিমানৰ গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলত আখৰা সম্পন্ন কৰি আহিছে। তেনেদৰে তেজপুৰৰ বায়ু সেনাৰ ঘাটিৰ পৰা SU -30 MKI বিমানৰ আখৰা সম্পন্ন কৰি অহা হৈছে । অহা কেইদিনত পুনৰ গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলৰ ৰাইজে আখৰাৰ সময়ত পুনৰ যুদ্ধ বিমানৰ প্ৰচণ্ড শব্দ শুনিবলৈ পাব । মূলত উঠি অহা নতুন প্ৰজন্মৰ শিক্ষিত যুৱক – যুৱতী সকলে যাতে ভাৰতীয় বায়ু সেনাত যোগদান কৰাৰ বাবে অনুপ্ৰেৰণা লাভ কৰে সেই উদ্দেশ্য আগত ৰাখিয়ে পাকিস্তান বিজয়ৰ ৫০ বছৰীয়া পূৰ্তিৰ লগত সংগতি ৰাখি এনে ধৰণৰ কুচকাৱাজৰ আয়োজন কৰা হৈছে বুলি বায়ু সেনাৰ সূত্ৰই সদৰি কৰিছে।
বাতৰি যুগুতালে জিতুমণি দাসে

Comments (0)
Add Comment