গোলাঘাট জিলা প্ৰশাসনক নাও অৰ্পন কৰিলে এন আৰ এলে

যন্ত্ৰচালিত তিনিখন বায়ুপূৰ্ণ উদ্ধাৰ অভিযানৰ নাও এন আৰ এলে আজি গোলাঘাট জিলা প্ৰশাসনক অৰ্পণ কৰে।জানিব পৰা মতে বানাক্ৰান্তক সাহাৰ্য্য সামগ্ৰী বিতৰণ, উদ্ধাৰ অভিযানত এই নাওকেইখন ব্যৱহাৰ কৰিব।নাও কেইখন আনুষ্ঠানিক ভাৱে গোলাঘাট জিলা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তক এন আৰ এলৰ ফায়াৰ এণ্ড চেফটিৰ মুখ্য প্ৰবন্ধক ভাস্কৰ বৰুৱাই অপৰ্ণ কৰে।
 
 
এই বিশেষ নাও কেইখনে ১২ জন ব্যক্তিক উঠাবলৈ সক্ষম হ’ব । ৪.৭ মিটাৰ জোখৰ নাও খনত আছে লাইফ জেকেটৰ সুবিধা। প্ৰায় ৫ লাখ টকা মূল্যৰ প্ৰত্যেক খন নাও মাৰ্কাৰী ২৫ এইচ পি ২ ট্ৰক ইঞ্জিনেৰে সমৃদ্ধ।
 
 
জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু অগ্নি নিৰ্বাপক কেন্দ্ৰ গোলাঘাটৰ উপস্থিতিত নাও কেইখন পৰীক্ষণো সম্পন্ন হয়।এই কাৰ্য্যসূচীত গোলাঘাট জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰকল্প বিষয়া ৰনী ৰাজকুমাৰ অংশগ্ৰহণ কৰে।

Comments (0)
Add Comment