গোসানী শীৰ্ষক গ্ৰন্থ উন্মোচন

বুধবাৰে গুৱাহাটীৰ এক সভাগৃহত অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক,সাহিত্যিক,ঔপন্যাসিক তথা ‘সাতসৰী ’ আলোচনী আৰু ‘সাদিন’ৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে লেখিকা বিনীশা দেৱীৰ নৱতম উপন্যাস গোসাঁনীৰ শুভ উন্মোচন কৰে৷  এগৰাকী নাৰীৰ কাহিনীৰে লেখিকা বিনীশা দেৱীয়ে অতীজৰ অসমীয়া সমাজখনৰ বহু কথা “গোসানী “শীৰ্ষক গ্ৰন্থখনত প্ৰতিফলিত কৰিছে ।
 
 
 
গল্প আৰু কবিতা ৰচনাৰেও সাহিত্য চৰ্চা কৰি অহা বিনীশা দেৱীৰ তৃতীয়খন উপন্যাস গোসাঁনী অনলাইন যোগেও উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে৷আজিৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত অতিথি হিচাপে সাংবাদিক জগদীশ পাটগিৰি,গীতিকাৰ তথা সাংবাদিক মানসী বায়ন,ৰূপাঞ্জলী নাথ, গায়ক তথা গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামীৰ লগতে কেইবাগৰাকীও গ্ৰন্থ অনুৰাগী উপস্থিত থাকে ৷ বিনীশা দেৱীৰ ২০৭ পৃষ্ঠাৰ এই গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ পানবজাৰৰ এম আৰ পাব্লিকেশ্যনৰ হৈ অপূৰ্ব কলিতাই৷ সাংবাদিক দৰ্শনা বৰুৱাই আঁত ধৰা তথা ক’ভিড প্ৰ’টকল মানি অনুষ্টুপীয়াকৈ আয়োজন কৰা এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি কেইগৰাকীয়ে সদ্য উন্মোচিত গ্ৰন্থখনৰ ভিন্ন দিশৰ এক আলোচনা কৰে।

Comments (0)
Add Comment