গ্ৰন্হ উন্মোচনী সভা অনুষ্ঠিত

আজি জামুগুৰিহাটৰ পশ্চিম জামুগুৰি শাখা সাহিত্য সভাৰ উদ্যোগত আৰু চেউনি চুক গাঁৱৰ ৰাইজৰ সহযোগত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। চেউনি চুক গাঁৱৰ নামঘৰত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত উক্ত গ্ৰন্থ উন্মোচনী সভাৰ শুভাৰম্ভ কৰা হয় চেউনি চুক গাঁৱৰ মহিলা মনীশা দেৱীৰ নেতৃত্বত মহিলা সকলৰ এটি দিহা নামৰে। গ্ৰন্থ উন্মোচনী সভাখনৰ সভাপতিত্ব কৰে পশ্চিম জামুগুৰি শাখা সাহিত্য সভাৰ সভাপতি প্ৰেম কান্ত শইকীয়াই। জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিক্ষক তথা বিশিষ্ট সাহিত্যিক মহেশ্বৰ বৰাৰ জিজ্ঞাসা নামৰ গ্ৰন্থ খন আজি উন্মোচন কৰা হয়।গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি সাহিত্যিক দিলীপ কুমাৰ ভট্টাচাৰ্যই। উন্মোচনী সভাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জামুগুৰি জুনিয়ৰ কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা তথা বিশিষ্ট কবি মিংকু কলিতা। বিশিষ্ট অতিথি মিংকু কলিতা আৰু গ্ৰন্থ উন্মোচক দিলীপ কুমাৰ ভট্টাচাৰ্য ই বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ বাবে বৰ্তমান সময়ত গ্ৰন্থৰ ভূমিকাৰ ওপৰত আলোকপাত কৰাৰ উপৰিও বহুকেইটা বিষয়ৰ মননশীল বক্তব্য আগবঢ়ায়।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment