চক পেঞ্চিলত গুৰুজনাক অংকন কৰিছে এজন যুৱকে

ডেৰ ইঞ্চি দৈৰ্ঘ্য এডাল চকপেঞ্চিলত গুৰুজনাৰ চিত্ৰক অংকন কৰি চর্চালৈ আহিছে ঢেকীয়াজুলি এজন শিক্ষক। শিক্ষক জনৰ নাম ৰঞ্জন শইকীয়া।
 
 
 
 
ৰঞ্জন শইকীয়াই গুৰুজনাৰ পবিত্ৰ  তিথি লগত সংগতি ৰাখি চকপেঞ্চিলত গুৰুজনাক অংকন কৰে।তেজপুৰ ঢেকীয়াজুলি ৰঞ্জন শইকীয়াই ইতিপূৰ্বে ভূপেন হাজৰিকাকে আদি কৰি বিভিন্ন ধৰণৰ বৰণ্যক ব্যক্তিক বলুকাত অথবা চকপেঞ্চিলত অংকন কৰি আহিছে। পূৰ্বেও জন সজাগতামূলক কাৰ্য্যসূচী ৰূপায়ন কৰি সচেতন ৰাইজৰ সমাদৰ লাভ কৰিছে।

Comments (0)
Add Comment