চাৰিদুৱাৰ পৰা হায়দৰাবাদলৈ ৰপ্তানি হৈছে নেমু, কঠাল

শোণিতপুৰৰ চাৰিদুৱাৰবাসীৰ বাবে সুখবৰ। চাৰিদুৱাৰৰ অঞ্চলৰপৰা আজিৰেপৰা হায়দৰাবাদলৈ ৰপ্তানি হৈছে থলুৱা নেমু, কঁঠাল আৰু আনাৰস । চাৰিদুৱাৰৰ নৱ মিলন এগ্ৰ প্ৰডিউছাৰ কোম্পানী লিমিটেডৰ উদ্যোগত আজি চাৰিদুৱাৰৰ সোণাই পামৰপৰা কোম্পানীটোৰ তত্বাৱধানত কৰা নেমু ৪০০ টা, কঠাল ২৫ টা আৰু আনাৰস ২০০ টা হায়দৰাবাদলৈ পৰীক্ষামূলকভাৱে ৰপ্তানি হৈছে। কোম্পানীটোৱে তেওঁলোকৰ তত্বাৱধানত ১১ বিধ বিভিন্ন প্ৰকাৰৰ ধানৰ খেতিও পৰীক্ষণমূলক ভাৱে কৰিছে । উল্লেখ্য যে এনেধৰণৰ পদক্ষেপত জিলা কৃষি বিভাগে বিশেষ সহযোগিতা আগবঢ়াইছে । এই অনু্ষ্ঠানত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া অদিতি গগৈৰ লগতে জিলা কৃষি বিভাগৰ বিষয়ববীয়া,কৃষক উপস্থিত থাকে।
বাতৰি যুগুতালে বালিপৰা পৰা প্ৰাঞ্জল প্ৰতীমে..

Comments (0)
Add Comment